Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: লিডুৰ টিকক কলীয়ৰিত ধৰ্মীয় পৰম্পৰাৰে গণেশ পূজা পালন

Margherita, Tinsukia | Aug 27, 2025
আজি বুধবাৰে গণেশ চতুৰ্থী উপলক্ষে গণেশৰ আৰাধনাৰে মুখৰিত হৈ পৰিছে দেশ তথা ৰাজ্যবাসী । মাৰ্ঘেৰিটাৰ বিভিন্ন প্ৰান্তত গণেশ পূজা পালন কৰাৰ সমান্তৰালভাৱে লিডুৰ টিকক কলীয়ৰিতো উচাহ উদ্দীপনাৰে পালন কৰিছে গণেশ চতুৰ্থী । ১৯০৯ চনৰ পৰা পালন কৰি অহা এই বিশেষ পূজা মণ্ডপত পুৱাৰে পৰা ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে । সকলো ভক্তই গণেশ বাবাৰ শ্ৰী চৰণত একোগছি বন্তি প্ৰজলন কৰি আশীষ গ্ৰহণ কৰা পৰিলক্ষিত হয় । নিশাৰ ভাগতো বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হব ।
Read More News
T & CPrivacy PolicyContact Us