Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: খোৱাঙৰ কোটোহাৰ ডাম্পাৰৰ খুন্দাত মৃত্যু এজন তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ,দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰখনৰ চালকৰ পলায়ন

Dibrugarh East, Dibrugarh | Sep 25, 2025
খোৱাঙৰ কোটোহাত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন ছাত্ৰ। মৃত ছাত্ৰজনৰ নাম কুঞ্জন ঘাটোৱাৰ। কোটোহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ  তৃতীয় শ্ৰেণীৰ ছাত্ৰজনে বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ আছিল । সেই সময়তে চাৰিলেনযুক্ত পথত ভুল দিশে আহি থকা AS06BC8268 নম্বৰৰ ডাম্পাৰখনে মহতিয়াই নিয়ে ছাত্ৰজনক । ডাম্পাৰখনৰ খুন্দাত ক্ষত-বিক্ষত হৈ পৰে ছাত্ৰজন । দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰখনৰ চালকে পলায়ন কৰিছে । আৰক্ষীয়ে ইতিমধ্যে ডাম্পাৰখন নিজৰ জিম্মাত লৈছে ।
Read More News
T & CPrivacy PolicyContact Us