বৃহস্পতিবাৰে দিনৰ ২ বজাত পলাশবাৰীত বগুৱান-মালাধৰা গড়কাপ্তানী পথ পকীকৰণৰ দাবীত অবস্থান ধর্মঘট পালন কৰা হয়। বগুৱান - মালাধৰা গড়কাপ্তানী পথ পকীকৰণ পুনৰ্নিমাণ দাবী সমিতিৰ উদ্যোগত আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। প্ৰতিবাদ কাৰী সকলে হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ " বগুৱান মালাধৰা পথ শীঘ্ৰে পকীকৰণ কৰক,বগুৱান মালাধৰা পথ পকীকৰণৰ আন্দোলনত যোগ দিয়ক, বিধ্বস্ত পথ শীঘ্ৰে পকীকৰণ কৰক, আমাৰ দাবী মানিবই লাগিব, আমাৰ দাবী নায্য দাবী" আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে।