This browser does not support the video element.
নগাঁও: সোনাইবেৰা-বাট'মাৰি গাওঁ পঞ্চায়তৰ এটি লোক নিৰ্মান বিভাগৰ পথ নিৰ্মাণত ঠিকাদাৰৰ গাফিলতি, সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া
Nagaon, Nagaon | Sep 10, 2025
ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত সোনাইবেৰা-বাট'মাৰি গাওঁ পঞ্চায়তৰ এটি লোক নিৰ্মান বিভাগৰ পথ নিৰ্মাণত ঠিকাদাৰে গাফিলতি কৰাৰ অভিযোগ তুলি ৰাইজৰ প্ৰতিবাদ। প্ৰাককলন মতে পথ নিৰ্মাণৰ দাবী। উল্লেখযোগ্য যে, SOPD-G আঁচনিৰ অধীনত নিৰ্মান হ'বলগীয়া পাথটিৰ নিৰ্মাণৰ কামৰ যোৱা জানুৱাৰী মাহতে শুভাৰম্ভ কৰিছিল বিধায়ক আমিনুল ইছলামে। বিধায়ক আমিনুল ইছলামৰ আশীষধন্য এগৰাকী ঠিকাদাৰে এই কামৰ দায়িত্ব লাভ কৰিছে আৰু ৰাইজৰ কোনো অভিযোগৰে কৰ্ণপাত কৰা নাই বুলি অভিযোগ দিয়ে স্থানীয় ৰাইজে