This browser does not support the video element.
সৃজনগ্ৰাম: বৰ নাৰিকলাত ৰহস্যজনক অৱস্থাত অগপ নেতা মুজাফৰ হুছেইনৰ মৃতদেহ উদ্ধাৰ
Srijangram, Bongaigaon | Sep 6, 2025
বঙাইগাঁও জিলাৰ বৰ নাৰিকলাত দলঙৰ ওচৰত অগপ নেতা মুজাফৰ হুছেইনৰ মৃতদেহ উদ্ধাৰ হয়। যোৱাকালিৰ পৰা সন্ধানহীন হৈ আছিল মুজাফৰ। মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হয় সমজিলা আৰক্ষী অধীক্ষক অনুপজ্যোতি বৰা সহ অন্যান্য আৰক্ষীৰ বিষয়া সকল। প্ৰাৰম্ভিক তদন্তত হত্যাকাণ্ডৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে ফৰেঞ্চিক বাহিনীৰ বিষয়া সকলেও ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। অগপ দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন বিধায়ক ভূপেন ৰায় উপস্থিত হৈ সামগ্ৰীক পৰিস্থিতিৰ বুজ লয়।