This browser does not support the video element.
বাক্সা: অদালবাৰীত কাৰ্যবাহি সদস্য ৰাকেশ ব্ৰহ্মক ইউপিপিএলৰ প্ৰাৰ্থিত্ব প্ৰদানত আদৰণি জনায় দলীয় নেতৃবৃন্দ, সমৰ্থকে
Baska, Baksa | Aug 22, 2025
বিটিচি নিৰ্বাচনৰ বাবে ইউপিপিএল দলৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে।মুছলপুৰ পৰিষদীয় সমষ্টিত স্থানীয় পাৰিষদ তথা কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মক পুনৰ প্ৰাৰ্থীত্ব প্ৰদান কৰে। প্ৰাৰ্থীত্ব প্ৰদানৰ পিছতে আজি বাক্সা জিলাৰ অদালবাৰীত কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মক ফটকা ফুটাই আদৰণি জনায় দলীয় নেতৃবৃন্দ তথা সমৰ্থকে। সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাকেশ ব্ৰহ্মই কয় যে এইবাৰ তেওঁৰ জয় ১২০% নিশ্চিত । পূৰ্বতকৈ এইবাৰ নিৰ্বাচনত ভোটৰ সংখ্যা বৃদ্ধি হ'ব বুলি আশা কৰে তেওঁ।