This browser does not support the video element.
ওদালগুৰি: বৰঝাৰ বাগিচাৰ বাথৌ মন্দিৰ প্ৰাংগণত ৰংগমঞ্চ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিটিআৰৰ ইএম দিগন্ত বৰুৱাই
Udalguri, Udalguri | Aug 23, 2025
মুদৈবড়ী সমষ্টিৰ বৰঝাৰ বাগিচাৰ বড়োচুবাত অৱস্থিত ৰাজহুৱা বাথৌ মন্দিৰ প্ৰাংগনত এটি ৰংগমঞ্চ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। ইপিনে উক্ত ৰংগমঞ্চটোৰ আধাৰশিলা আনুষ্ঠানিক ভাৱে স্থাপন কৰি উপস্থিত ৰাইজৰ সতে মত বিনিময় কৰে বিটিআৰৰ ইএম দিগন্ত বৰুৱাই। আনহাতে উক্ত সময় চোৱাত ইএম গৰাকীৰ সতে মুদৈবড়ী মণ্ডল বিজেপিৰ সভাপতি নৱৰাজ বৰুৱা,সহ তত্বাৱধাক বিনয় কুমাৰ নাথ, বিজেপি দলৰ সক্ৰিয় কাৰ্য্যকৰ্তা দুলেন নাথ প্ৰমুখ্যে আমন্ত্ৰিত বিশিষ্ট ব্যক্তি আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।