This browser does not support the video element.
মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ মিলাদ-উন-নবী উপলক্ষে বিশাল ধৰ্মীয় শোভাযাত্ৰা
Margherita, Tinsukia | Sep 5, 2025
আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ মিলাদ-উন-নবী। মুছলমানসকলৰ অন্তিম নবী হজৰত মহম্মদৰ জন্মদিন উপলক্ষে এই দিৱস পালন কৰা হয়। বিশ্ব ভিন্ন প্ৰান্তৰ দৰে শুকুৰবাৰে দুপৰীয়া প্ৰায় ১২ বজাত মাৰ্ঘেৰিটাতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহমালহেৰে পালন কৰে পবিত্ৰ ঈদ মিলাদ-উন-নবী। পয়গম্বৰৰ মানৱতাৰ বাৰ্তা প্ৰতিটো ঘৰলৈ লৈ যোৱাৰ উদ্দেশ্যে মাৰ্ঘেৰিটাত উলিওৱা ঈদ মিলাদ-উন-নবী শোভাযাত্ৰাত ইছলামধৰ্মী লগতে অন্যান্য ধৰ্মাৱলম্বী লোকেও অংশগ্ৰহণ কৰে।