This browser does not support the video element.
লংকা: লামডিং পটুপথাৰত তীব্ৰবেগী গৰু ভৰ্তি বাহনৰ খুন্দাত থিতাতে নিহত এগৰাকী বৃদ্ধ লোক
Lanka, Hojai | Sep 12, 2025
শুক্ৰবাৰে দিনৰ প্ৰায় ২বজাত লামডিং পটুপথাৰত সংঘটিত হয় পথ দুৰ্ঘটনা।তীব্ৰবেগী গৰু ভৰ্তি বাহনৰ খুন্দাত থিতাতে নিহত এগৰাকী বৃদ্ধ লোক।নিহত বৃদ্ধ লোক জনৰ নাম লামডিং পটুপথাৰৰ ৰাকেশ দাস বুলি জানিব পৰা গৈছে।বাহনখনৰ চালকে বৃদ্ধ গৰাকীক খুন্দিয়ায় পলায়ন কৰাৰ সময়তে স্থানীয় ৰাইজৰ তৎপৰতাত বাহন সহ চালক জনক কৰায়ত্ত কৰে।দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS-31-C-3301।ইতিমধ্যে ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হৈ বাহন খনৰ চালক জনক আটক কৰাৰ লগতে আৰম্ভ কৰিছে তদন্ত।