This browser does not support the video element.
বালিজানা: ছাত্ৰীক যৌন নিৰ্যাতনক কেন্দ্ৰ কৰি আজিও উত্তপ্ত হৈ পৰে গোৱালপাৰা মহাবিদ্যালয়
Balijana, Goalpara | Sep 13, 2025
ছাত্ৰীক যৌন নিৰ্যাতনক কেন্দ্ৰ কৰি আজিও উত্তপ্ত হৈ পৰে গোৱালপাৰা মহাবিদ্যালয় । যৌন আতিশয্য চলোৱা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ বহিঃ বিভাগৰ খেল সম্পাদক ইকবাল হাছান ওৰফে ফিৰোজ আহমেদৰ শাস্তি দাবীত আজিও অসম ছাত্ৰ পৰিষদে মহাবিদ্যালয়ৰ মূল গেটত প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখযোগ্য যে বৃহস্পতি বাৰে মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা অনুষ্ঠিত হৈ থকাৰ মাজতে ছাত্ৰ একতা সভাৰ বহিঃ বিভাগৰ খেল সম্পাদক ইকবাল হাছানে দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰীক যৌন আতিশয্য চলোৱা বুলি অভিযোগ উত্থাপিত হৈছে