This browser does not support the video element.
লক্ষীপুৰ: লক্ষীপুৰত অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠনৰ জিলাৰ কমিটিৰ উদ্যোগত কনকলতা বৰুৱাৰ শ্বহীদ দিৱস পালন কৰা হয়
Lakhipur, Goalpara | Sep 20, 2025
লক্ষীপুৰত অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠনৰ গোৱালপাৰা জিলাৰ কমিটিৰ উদ্যোগত কনকলতা বৰুৱাৰ শ্বহীদ দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই উপলক্ষে সংগঠনৰ প্ৰায় অৰ্ধ শতাধিক কৰ্মী সমৰ্থকৰ উপস্থিতিত কনকলতা বৰুৱাৰ প্ৰতিকৃতিত প্ৰথমে পুষ্পাঞ্জলি অৰ্পণ কৰে সংগঠনৰ গোৱালপাৰা জিলা কমিটিৰ সভানেত্ৰী তথা ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপিকা খোদেজা খাতুনে।