This browser does not support the video element.
মাৰ্ঘেৰিটা: খাৰজান পুলত প্রায় ৩২.৮২ গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ সহ এজনক আটক আৰক্ষীৰ
Margherita, Tinsukia | Aug 26, 2025
সোমবাৰে নিশা প্রায় ৮ বজাত ডিগবৈ থানাৰ অন্তৰ্গত খাৰজান পুলত সন্দেহযুক্ত ড্ৰাগছ সহ এজনক আটক কৰে আৰক্ষীয়ে । ডিগবৈ চিডিপিএছ আৰু এছ আই পিংকি বৰাৰ নেতৃত্বত বিশেষ সূত্ৰৰ পম খেদি চলোৱা অভিযানত ৰাইজৰ সহযোগত আটক কৰে সন্দেহযুক্ত ড্ৰাগছ সহ এজনক । তথ্য অনুসৰি AS02Q4726 এখন চাৰিচকীয়া বাহনত ডিগবৈৰ পৰা তিনিচুকীয়ালৈ গৈ থকা অৱস্থাত প্ৰত্যক্ষদৰ্শীৰ উপস্থিতিত ,বাহনখনত তালাচী চলাই বাহনখনৰ পিছফালৰ চিটৰ পৰা প্রায় ৩২.৮২ গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে জিন্টু টাছা(৩৭) নামৰ যুৱকক আটক কৰে ।