This browser does not support the video element.
হোজাই: আজি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৪৫৭সংখ্যক তিৰোভাৱ তিথি,নতুনবজাৰ নামঘৰত গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন
Hojai, Hojai | Aug 25, 2025
আজি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৪৫৭সংখ্যক তিৰোভাৱ তিথি।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সোমবাৰে দিনৰ ১বজাৰ পৰা হোজাই নতুন বজাৰ নামঘৰত গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন।হোজাই নতুন বজাৰ নামঘৰত গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে চলিছে নাম-প্ৰসংগ।লগতে ভকত-বৈষ্ণৱৰ উপস্থিতিত হৰি নাম ধ্বনিৰে জগতগুৰুৰ একতাৰ বাণীক স্মৰণ কৰা পৰিলক্ষিত হয়।ইফালে আই-মাতৃ সকলে নামঘৰত চাকি-বন্তি জ্বলাই নেদেখা জনৰ ওচৰত সেৱা প্ৰাৰ্থনা কৰা পৰিলক্ষিত হয়।