This browser does not support the video element.
কলিয়াবৰ: কলিয়াবৰত ঢেকীয়াপটীয়া বাঘক আক্ৰমণ কৰি জখলাবন্ধাত গ্ৰেপ্তাৰ হোৱা ৮ জন ব্যক্তিক শুক্ৰবাৰে বিয়লি জেল হাজোতলৈ প্ৰেৰণ কৰে।
Kaliabor, Nagaon | Nov 22, 2024
বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা ঢেকীয়াপটীয়া বাঘক আক্ৰমণ কৰি জখলাবন্ধাত গ্ৰেপ্তাৰ হোৱা ৮ জনক শুক্ৰবাৰে বিয়লি প্ৰায় তিনি মান বজাত জেল হাজোতলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে বুধবাৰে জখলাবন্ধাৰ সমীপবৰ্তী কেৰি বাকৰি অঞ্চলত একাংশ উন্মক্ত লোকে শিলগুটি নিক্ষেপ কৰি আক্ৰমণ কৰিছিল এটা অসহায় ঢেকীয়াপটীয়াক। এই সন্দৰ্ভত বন বিভাগৰ এজাহাৰৰ ভিত্তিত জখলাবন্ধা আৰক্ষীয়ে বৃহস্পতি বাৰে নিশা কেৰিবাকৰি আৰু টপাহোলা অঞ্চলত অভিযান চলাই আটক কৰে ৯ জন লোকক। ইয়াৰে ৮ জনক বাঘ আক্ৰমণত জৰিত থকাৰ অভিযোগত গ্ৰে