This browser does not support the video element.
ডুমডুমা: ডুমডুমা ডিব্ৰু নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা দুই কিশোৰৰ মৃতদেহ উদ্ধাৰ
Doom Dooma, Tinsukia | Sep 30, 2025
ডুমডুমা ডিব্ৰু নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা দুই কিশোৰৰ মঙ্গলবাৰে মৃতদেহ উদ্ধাৰ কৰা হয় । তথ্য অনুসৰি ডুমডুমা হাঁহচৰা পথাৰ গাঁওৰ বিশাল কুমাৰ মাহত্ব (১৬) আৰু চাহিল কুমাৰ ঠাকুৰ (১৫) নামৰ দুই কিশোৰে যোৱাকালি আবেলি ঘৰৰ কাষতে থকা ডিব্ৰু নৈত গা ধুবলৈ গৈ সন্ধান হীন হৈ পৰে । আজি অভিযান চলাই পুৱা প্ৰায় ১১মান বজাত দুই কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।