Download Now Banner

This browser does not support the video element.

মৰিগাঁও: টেঙাগুৰিৰ পৰা আৰক্ষীয়ে ১০ তা ড্ৰাগছ ভৰ্তি কণ্টেনাৰ সহ কৰায়ত্ত কৰিছে দুই সৰ্বৰাহকাৰী পুৰুষ মহিলা

Marigaon, Morigaon | Sep 1, 2025
লাহৰীঘাটৰ টেঙাগুৰিৰ পৰা মৰিগাঁও আৰক্ষীৰ চোৰাংচোৱা আৰু লাহৰীঘাটৰ আৰক্ষীয়ে অভিযান চলাই হাতে লুটে গ্ৰেপ্তাৰ কৰে দুই ড্ৰাগছ সৰ্বৰাহকাৰী পুৰুষ মহিলা। আৰক্ষীয়ে টেঙাগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰ্বৰাহকাৰী দুগৰাকী হৈছে চাকিল আহমেদ আৰু মূৰ্চিদা খাতুনক। আৰক্ষীয়ে চাকিল আহমেদ আৰু মূৰ্চিদা খাতুনৰ পৰা ১০ টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰ আৰু অৰ্ধ শতাধিক খালী কণ্টেনাৰ জব্দ কৰিবলৈ সক্ষম হয়। চাকিল আহমেদ আৰু মূৰ্চিদা খাতুনে লাহৰীঘাটৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আচিল।
Read More News
T & CPrivacy PolicyContact Us