This browser does not support the video element.
মৰিগাঁও: মৰিগাঁৱত অনুষ্ঠিত হবলগীয়া মেগা ৰক্তদান শিবিৰৰ সন্দৰ্ভত জিলা আয়ুক্ত কাৰ্য্যালয় সভাকক্ষত বিশেষ বৈঠক অনুষ্ঠিত
Marigaon, Morigaon | Sep 10, 2025
মৰিগাঁও জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আগন্তুক সেৱা সপ্তাহৰ অংশ ৰূপে অনুষ্ঠিত হবলগীয়া মেগা ৰক্তদান শিৱিৰ সম্পৰ্কে এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰাৰ সভাপিত্বত অনুষ্ঠিত বৈঠকখনত আগন্তুক ৰক্তদান শিৱিৰৰ পৰিকল্পনা, সময়সূচী, আয়োজনৰ পদ্ধতি, স্বেচ্ছাসেৱীসকলৰ অংশগ্ৰহণ আদি বিষয়ে বিস্তৃত ভাৱে আলোচনা কৰা হয়। বৈঠকখনত পৌৰপতি যোগেশ তামুলী, উপ আৰক্ষী অধীক্ষক প্ৰীতম শইকীয়া, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অৰুণ কুমাৰ নাথ উপস্থিত থাকে।