This browser does not support the video element.
ওদালগুৰি: ভেৰগাঁৱত বিজেপিৰ দলীয় সভাৰ লগতে যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়, উপস্থিত থাকে জিলা বিজেপিৰ সাধাৰণ সম্পাদক জৌছৰাং বড়ো
Udalguri, Udalguri | Aug 27, 2025
বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে ব্যাপক নিৰ্বাচনী কুছ কাৱাজ। সেইদৰে জিলা খনৰ ভেৰগাঁৱৰ বিজেপিয়ে দলীয় সভাৰ লগতে এখন যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰে। প্ৰায় শতাধিক পুৰুষ মহিলাই দলটোত আনুষ্ঠানিক ভাৱে যোগদান কৰে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰে। ইপিনে উক্ত সময় চোৱাত জিলা বিজেপিৰ সাধাৰণ সম্পাদক জৌছৰাং বড়ো, মণ্ডল সভাপতি ফটিক কচাৰী, জিলা সদস্য নন্দৰাম বড়ো প্ৰমুখ্যে দলৰ কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে।