This browser does not support the video element.
মৰিগাঁও: জাগীৰোড দিনৰ পোহৰতে সংঘটিত চুৰিকাণ্ড, চুৰটো কৰায়ত্ত কৰে যদিও আৰক্ষী অহাৰ পূৰ্বে পলায়ন কৰে চুৰটোৱে
Marigaon, Morigaon | Sep 3, 2025
জাগীৰোডত দিনক দিনে বৃদ্ধি পাইছে চুৰি কাণ্ডৰ ঘটনা। আজি দিনৰ ভাগতে জাগীৰোডৰ অম্বিকা আৰ্ট প্ৰেছত চোৰে চুৰি কাণ্ড সংঘটিত কৰাৰ অৱস্থাত স্বত্বাধিকাৰীয়ে এটা চুৰ কৰায়ত্ত কৰিবলৈ সক্ষম হয়। চুৰটো কৰায়ত্ত কৰি সোধ পুচ কৰি আৰক্ষীক খবৰ দিয়াৰ অৱস্থাতে কৌশলেৰে চুৰটোৱে পলায়ন কৰে। জানিবলৈ পৰা মতে চোৰটোৰ ঘৰ জাগীৰোডৰ ঘুনুচা। উল্লেখ্য যে এই ঠাইতে বিগত কিছু দিনৰ পৰা কেইবাবাৰো চুৰি কাণ্ড সংঘটিত হৈ আহিছে।