This browser does not support the video element.
লক্ষীপুৰ: জলেশ্বৰত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰে জিলা আয়ুক্ত প্ৰদীপ টিমুঙে
Lakhipur, Goalpara | Sep 10, 2025
জলেশ্বৰত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰে জিলা আয়ুক্ত প্ৰদীপ টিমুঙে। গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমুঙে আজি যন্ত্ৰ চালিত নাৱেৰে ব্ৰহ্মপুত্ৰ নদীৰ জলেশ্বৰৰ বিভিন্ন এলেকাত হোৱা গৰা খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কাম কাজ পৰিদৰ্শন কৰাৰ লগতে বিভিন্ন অঞ্চলত চলি থকা গৰা খহনীয়া এলেকা পৰিদৰ্শন কৰে। জিলা আয়ুক্তৰ পৰিদৰ্শন কালত জলসম্পদ বিভাগৰ অভিযন্তা সকলেও উপস্থিত থকাৰ লগতে স্থানীয় পঞ্চায়ত প্ৰতিনিধি আৰু স্থানীয় ৰাইজেও উপস্থিত থাকে।