This browser does not support the video element.
মৰিগাঁও: মৰিগাঁও আৰক্ষীয়ে ভূৰাগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে ভূৰাগাঁও নতুন বজাৰত হত্যাকাণ্ড সংঘটিত কৰা অন্য চাৰি হত্যাকাৰী ভাতৃক
Marigaon, Morigaon | Aug 24, 2025
বিগত ১৭ আগষ্টত দিনৰ পোহৰতে ভূৰাগাঁও নতুন বজাৰত ভূমি কেন্দ্ৰিক সংঘাটৰ ফলত ইয়াচিন আলীৰ পৰিয়ালে দলবদ্ধ ভাৱে আক্ৰমন কৰি ছাইদুল ইছলাম নামৰ এজনক হত্যা কৰাৰ লগতে তাইবোৰ ৰহমান নামৰ এজনক আহত কৰিছিল। এই ঘটনা সংঘটিত কৰা একেটা পৰিয়ালৰ চাৰিজন হত্যাকাৰী আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু আজি আৰক্ষীয়ে অন্য চাৰিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাৰি হত্যাকাৰী ক্ৰমে ইনামুল হক, ইক্ৰামুল হক, আব্দুল মুতালেব আৰু জুবাই আলম।