This browser does not support the video element.
বৰপেটা: পাটবাউসীত অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ পাটবাউসী আঞ্চলিক সমিতি গঠন
Barpeta, Barpeta | Sep 7, 2025
বৰপেটা সমষ্টিৰ অন্তৰ্গত পাটবাউসী আঞ্চলিক পঞ্চায়তৰ অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ আঞ্চলিক সমিতি গঠন কৰা হয় ৷ উক্ত সভাত কেইবাগৰাকীও যুৱকে অসম যুৱ পৰিষদত যোগদান কৰে । সভাত ১৩নং সুন্দৰীদিয়া জিলা পৰিষদৰ সদস্য অশোক বৰা, অসম গণ পৰিষদ দলৰ জিলা সমিতিৰ সম্পাদক ধনজিৎ পাঠক, পাটবাউসী পঞ্চায়তৰ নৱ নিৰ্বাচিত সভানেত্ৰী, অসম যুৱ পৰিষদ বৰপেটা জিলা সমিতিৰ কেইবাগৰাকীও সদস্যৰ লগতে স্থানীয় লোকসকল উপস্থিত থাকে।