আজি চিৰাং জিলাৰ থুৰিবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বানীয়াপাৰাত পকী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে থুৰিবাৰী সমষ্টিৰ পাৰিষদ তথা বিটিআৰৰ উপাধ্যক্ষ অভিৰাম মহানায়কে,উক্ত পকী পথ নিৰ্মাণ হলে উক্ত অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ বাবে সুচল হ'ব যাতায়ত ব্যৱস্থা,আজিৰ এই পকীপথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত পাৰিষদ গৰাকীৰ সৈতে দলীয় কাৰ্য কৰ্তা সহ স্থানীয় ৰাইজ উপস্থিত থাকে।