This browser does not support the video element.
মৰিগাঁও: মৈৰাবাৰী গৰুখুটিত ৩০ তা ড্ৰাগছ ভৰ্তি কণ্টেনাৰ সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মাইনুল হক ওৰফে মহন্তক
Marigaon, Morigaon | Aug 28, 2025
মৈৰাবাৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। মৰিগাঁও আৰক্ষীৰ চোৰাংচোৱা আৰু মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলাই হাতে লুটে গ্ৰেপ্তাৰ কৰে এটা ড্ৰাগছ সৰ্বৰাহকাৰী। আৰক্ষীয়ে গৰুখুটিৰ পৰা গ্ৰেপ্তাৰ কৰে কুখ্যাত ড্ৰাগছ সৰ্বৰাহকাৰী মাইনুল হক ওৰফে মহন্তক। আৰক্ষীয়ে মহন্তৰ পৰা ৩০ টা ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰে। মহন্ত ড্ৰাগছ সৰ্বৰাহৰ অপৰাধত পূৰ্বেও কেইবাবাৰো জেল হাজোতলৈ গৈছিল যদিও জেলৰ পৰা ওলাই আহি গৰুখুটিৰ পৰাই মৈৰাবাৰীৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই গৈছিল।