This browser does not support the video element.
ডিফু: পিজিআৰ -ভিজিআৰ ভূমিত অবৈধ বেদখল উচ্ছেদৰ দাবী তোলা যৱ নেতা লিটছন ৰংফাৰক গ্ৰেপ্তাৰ, জামিনত মুক্তি
Diphu, East Karbi Anglong | Sep 8, 2025
কাৰবি আংলং জিলাৰ PGR- VGR-ৰ ভূমিৰ পৰা বঙালী আৰু বিহাৰী লোকক উচ্ছেদ কৰাৰ দাবীত কেইবাবছৰো ধৰি সংগ্ৰাম কৰি অহা যুৱ নেতা লিৎচন ৰংফাৰক সোমবাৰে পুৱা ৯ বজাত গ্ৰেপ্তাৰ কৰিছে ডিফু আৰক্ষীয়ে ৷ কাৰবি জাতীয় সংগঠনক নেতৃত্ব দিয়া লিৎচন ৰংফাৰে কিছুদিন ধৰি হাওৰাঘটৰ ৰংকুট এলেকাত বসবাস কৰা বঙালী লোক সকলৰ মাটিৰ কাগজপত্ৰবোৰ পৰীক্ষা কৰি আহিছিল ৷ লগতে কাৰবি আংলং জিলাত বসবাস কৰা সকলো অজনজাতি লোকৰ মাটিৰ পট্ৰা বাতিল কৰাৰো দাবী কৰি আহিছিল তেওঁৰ লগত থকা সংগঠন সমূহে ৷