This browser does not support the video element.
বোকাখাত: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া ম'হপাৰাত বাঘৰ আতংক, বাঘৰ সন্ধানত অভিযান বন বিভাগৰ এটা বৃহৎ দলৰ
Bokakhat, Golaghat | Oct 4, 2025
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া ম'হপাৰাত বাঘৰ আতংক। শনিবাৰে দিনৰ প্ৰায় ৩.৩০ মান বজাৰ পৰা বাঘৰ সন্ধানত অভিযান বন বিভাগৰ এটা বৃহৎ দলৰ। উদ্যানৰ পৰা ওলাই অহা এটা ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰিছে জনাঞ্চলত। যাক লৈ এতিয়া আতংকিত হৈ পৰিছে সমগ্ৰ অঞ্চল। ইয়াৰ পিছতেই বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বাঘৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। বৰ্তমানলৈকে বাঘটোৰ খোজ প্ৰত্যক্ষ কৰিছে যদিও বাঘৰ কোনো উপস্থিতিৰ সম্ভেদ পোৱা নাই। আজি ৰাতিটো বন বিভাগৰ দলে পহৰা দিয়াৰ ব্যৱস্থা কৰিব ।