This browser does not support the video element.
ডিফু: ডিফুত এদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী শংকৰ দেৱৰ তিৰোভাৱ তিথি উদযাপন
Diphu, East Karbi Anglong | Aug 25, 2025
সোমবাৰে পুৱা ৯ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে ডিফু শংকৰী কৃষ্টি বিকাশ সংঘৰ উদ্যোগত ডিফু বৰ নামঘৰ প্ৰাঙ্গনত গুৰুজনা শ্ৰী শ্ৰী শংকৰ দেৱৰ ৪৫৭ সংখ্যক তিৰোভাৱ তিথি উদযাপন কৰা হয় ৷ এই উপলক্ষে ডিফু বৰ নামঘৰত ভকত- বৈষ্ণৱ সকল সমবেত হৈ গুৰুজনাৰ মহান গুণানু কীৰ্তন কৰে ৷ পুৱাৰ ভাগত বৰনামঘৰত নাম প্ৰসংগ, দিহা নাম আৰু সন্ধিয়া ভাগত ভাগৱত পাঠ কৰা হব বুলি জানিব পৰা গৈছে ৷