This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: নানান ভয় ভাবুকি দি ধন আদায় কৰাৰ অভিযোগ উঠিছে ফজৰ আলীৰ বিৰুদ্ধে,ঢেকীয়াজুলি থানাত এজাহাৰ দাখিল
Dhekiajuli Part, Sonitpur | Oct 7, 2025
শোণিতপুৰ জিলাৰ দীঘলদল গাঁৱৰ বাসিন্দা আলাল উদ্দিনৰ পুত্ৰৰ লগত প্ৰেমসুত্ৰে পলাই গৈছিল এগৰাকী কিশোৰী ৷ ইয়াৰ পিছতে কিশোৰী পলুৱাই নিয়া যুৱকৰ পিতৃ তথা আলাল উদ্দিনক একাংশই ভয় ভাবুকি দি ধন আদায় কৰাৰ অভিযোগ উঠিছে ৷ সেয়েহে নিৰুপায় হৈ যুৱকজনৰ পিতৃয়ে ঢেকীয়াজুলি আৰক্ষী থানাত ফজৰ আলী নামৰ এগৰাকী লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে মংগলবাৰে দিনৰ ২ বজাত ঢেকীয়াজুলিত সংবাদ মাধ্যমৰ কাষ চাপে ৷ এই সন্দৰ্ভত যুৱকজনক পিতৃৰ মন্তব্য ৷