This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ঢেকীযাজুলিত সংঘটিত হোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ ঢেকীয়াজুলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
Dhekiajuli Part, Sonitpur | Aug 22, 2025
ঢেকীযাজুলিত পূণৰ সংঘটিত হল সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে সাংবাদিকক আক্ৰমণ ঢেকীযাজুলিৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ স্বতাধিকাৰীৰ ৷ ইয়াকেলৈ শুক্ৰবাৰে দিনৰ ১ বজাত ঢেকীয়াজুলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ঢেকীয়াজুলি প্ৰেছ ক্লাবৰ ৷ উল্লেখ্য যে প্ৰাগ নিউজৰ ঢেকীয়াজুলিৰ সাংবাদিক দিগন্ত শৰ্মা আৰু এন বি নিউজৰ সাংবাদিক পংকজ মাহাতু ঢেকীয়াজুলিৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল তেনেতে সাংবাদিক দুগৰাকীক আক্ৰমণৰ কৰে স্বত্বাধিকাৰীয়ে ৷