This browser does not support the video element.
ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলি চাহ বাগিছাৰ মুণ্ডা লাইনত সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা,উক্ত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এগৰাকী যুৱক
Dhekiajuli Part, Sonitpur | Aug 30, 2025
ঢেকীয়াজুলি চাহ বাগিছাৰ মুণ্ডা লাইনত সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা ৷ উক্ত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’ল এগৰাকী যুৱক ৷ উল্লেখ্য যে কেচা চাহপাত কঢ়িয়াই অনা চাৰিচকীয়া বাহন এখন নিয়ন্ত্ৰণ হেৰুৱাই ঢেকীয়াজুলি চাহ বাগিছাৰ মুণ্ডা লাইনৰ অসম মালা পথত দুৰ্ঘটনাত পতিত হয় ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কেচা চাহপাত কঢ়িয়াই অনা বাহনখনৰ হেণ্ডিমেন ৷ উক্ত দুৰ্ঘটনাৰ খবৰ পাই ঢেকীয়াজুলি যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে ৷