Download Now Banner

This browser does not support the video element.

ডিফু: বৰলাংফাৰত পত্নীক ঘপিয়াই হত্যা ঘাতক স্বামীৰ,স্বামী গ্ৰেপ্তাৰ

Diphu, East Karbi Anglong | Sep 7, 2025
দেওবাৰে দিনৰ ২ মান বজাত বৰলাংফাৰ আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি কাৰ্বি আংলং জিলাৰ বৰলাংফাৰ থানাৰ অধীনৰ গৰমপানীত শণিবাৰে নিশা প্ৰায় চাৰে দহমান বজাত বাবুল ওৰফে ৰতন গয়াৰী নামৰ ব্যক্তি জনে নিজ পত্নী ঝাৰু গয়াৰীক দাৰে ঘপিয়াই হত্যা কৰে ৷ আৰক্ষী সূত্ৰে জানিব পৰা মতে পতি-পত্নীৰ মাজত হোৱা বিবাদৰ ফলত স্বামী বাবু গয়াৰীয়ে পত্নীক দাৰে ডিঙিত ঘপিয়াই দিয়াৰ ফলত পত্নীৰ থিতাতে মৃত্যু ঘটে ৷ ঘটনাৰ তথ্য লাভ কৰি আৰক্ষীয়ে হত্যাকাৰী বাবুল গয়াৰীক গ্ৰেপ্তাৰ কৰে ৷
Read More News
T & CPrivacy PolicyContact Us