This browser does not support the video element.
সোণাৰি: ন কছাৰী গাৱঁত হয় এজন লোকৰ মৃতদেহ উদ্ধাৰ, ৰহস্যজনক ভাৱে মৃত্যু এজন লোকৰ
Sonari, Charaideo | Sep 12, 2025
চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত ৰজাপুখুৰী ন জৱকাত এজন লোকৰ মৃতদেহ উদ্ধাৰ। ন কছাৰী নিজ ঘৰতে উদ্ধাৰ হয় লোকজনৰ মৃতদেহ। লোকজনৰ ৰহস্যজনক মৃত্যুত এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। ন কছাৰী অঞ্চলৰ নিবাসী পৰশুৰাম মাঝীৰ নিজ ঘৰতে মৃতদেহ উদ্ধাৰ হোৱাত পৰিয়ালটো চিন্তিত হৈ পৰে। লগে লগে ৰজাপুখুৰী আৰক্ষী চকীত পৰিয়ালটোৱে খবৰটো অৱগত কৰাই। ঘটনা স্থলীত ৰজাপুখুৰী আৰক্ষী চকীৰ এটা দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।