This browser does not support the video element.
ডিফু: প্ৰায় এবছৰে সন্ধান নোলাল ডিফুৰ পৰা নিৰুদ্দেশ এজন চফল ডেকাৰ, ডিফুত শোকত ম্ৰিয়মান অভিভাৱক
Diphu, East Karbi Anglong | Aug 28, 2025
এবছৰ ধৰি সন্ধান নোলাল ডিফুৰ আমোলাপট্টিৰ পৰা নিৰুদ্দেশ এজন চফল ডেকাৰ, বৃহস্পতিবাৰে দিনৰ প্ৰায় ১২ মান বজাত সাংবাদিকৰ এই কথা প্ৰকাশ কৰে নিৰুদ্দিষ্ট যুৱক জনৰ পিতৃয়ে ৷ যুৱক জনৰ নাম দেলন নুনিছা ,বয়স ২৪ বছৰ, পিতৃ-মাতৃ ক্ৰমে, বৈজেন নুনিছা আৰু পাৰ্বতি দাওলাগুপু নুনিছা, ঠিকনা আমোলাপট্টি ডিফু কাৰ্বি আংলং ৷ নিৰুদ্দিষ্ট যুৱকজনক চাৰিওফালে বিচাৰি হাবাথুৰি খাইছে যুৱকজনৰ অসহায় পিতৃ-মাতৃ তথা পৰিয়ালৰ লোকে ৷