This browser does not support the video element.
ডিফু: খটখটীত আৰক্ষীৰ নাকা তালাচীত বুজন পৰিমানৰ নিষিদ্ধ পপী ষ্ট্ৰ সহ দুই সৰবৰাহকাৰী আটক আৰক্ষীৰ
Diphu, East Karbi Anglong | Aug 22, 2025
অসম-নাগালেণ্ড সীমান্তৰ খটখটীত নিষিদ্ধ পপী ষ্ট্ৰ সহ শুকুৰবাৰে দুই বাজি ৫০ মিনিটত বহিঃ ৰাজ্য ৰাজস্থানৰ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷প্ৰাপ্ত খবৰ অনুসৰি খটখটী থানাৰ অচি নিতুল শইকীয়াৰ নেতৃত্বত এছআই দ্বয় বিমান চেতিয়া, বিপুল শইকীয়া আৰু এএছআই হেমকান্ত শইকীয়াৰ লগতে থানা ষ্টাফৰ সহযোগত চলোৱা নিয়মীয়া নাকা তালাচীত উদ্ধাৰ হয় পপী ষ্ট্ৰ খিনি ৷