This browser does not support the video element.
সোণাৰি: পুখুৰীত গা ধুবলৈ গৈ পানীত পৰি মৃত্যু বিষ্ণুপুৰ চাহ বাগিচাৰ এজন লোকৰ, অঞ্চলটোত চাঞ্চল্য
Sonari, Charaideo | Sep 4, 2025
চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত বিষ্ণুপুৰ চাহ বাগিচাত এজন লোকৰ পানীত পৰি মৃত্যু। পুখুৰীৰ পানীত পৰি মৃত্যু হয় লোকজনৰ। বিষ্ণুপুৰ চাহ বাগিচা অঞ্চলৰ মনু ওৰাং নামৰ লোকজনৰ মৃত্যু। ঘটনা অনুসৰি মনু ওৰাং নামৰ লোকজন দুপৰীয়াৰ সময়ত গা ধুবলৈ বুলি কাষতে থকা এটা পুখুৰীত গৈছিল। পুখুৰীত গা ধুই থাকোঁতে হঠাতে পুখুৰীৰ পানীত ডুব যোৱাৰ ফলত মৃত্যু হয় লোকজনৰ। লোকজন মৃত্যুত সমগ্ৰ বিষ্ণুপুৰ চাহ বাগিচা অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।