This browser does not support the video element.
পলাশবাৰী: আদানিৰ বিৰুদ্ধে বৰঝাৰ বিমানবন্দৰত ৫ শতাধিক টেক্সি চালকৰ হাহাকাৰ,সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ একাংশ টেক্সি চালকৰ
Palasbari, Kamrup | Sep 2, 2025
আদানিৰ বিৰুদ্ধে বৰঝাৰ বিমানবন্দৰত পাঁচ শতাধিক টেক্সি চালকৰ হাহাকাৰ। মঙলবাৰে বৰঝাৰ বিমানবন্দৰত সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ একাংশ টেক্সি চালকৰ। গুৱাহাটী বিমানকোঠ টেক্সি সন্থাৰ পাঁচ শতাধিক সদস্যই মাহেকীয়া হিচাপত সমূহীয়াকৈ ৫০ হাজাৰ টকা আদায় দি অহাৰ উপৰিও প্ৰতিখন টেক্সিয়ে বিমান বন্দৰত প্ৰবেশ কৰা বাবদ প্ৰতিবাৰেই ১২০ টকাকৈ আদায় দিব লগীয়া হয় ৷ বিদ্যুত মাচুল অতিৰিক্তকৈ আদায় দি অহাৰ পিছত এইবাৰ টেক্সি চালক সকলে গাড়ীৰ ভিতৰতেই সোমাই থাকিব লগীয়া নিয়ম বান্ধি দিছে আদানী গ্ৰুপে।