This browser does not support the video element.
সৰুপথাৰ: নগা দুৰ্বৃত্তই শতাধিক বাসগৃহত অগ্নিসংযোগ কৰা কাৰ্যক টেঙাতলত উপস্থিত হৈ তীব্ৰ ভাষাৰে গৰিহণা আটছা কেন্দ্ৰীয় নেতৃত্বৰ
Sarupathar, Golaghat | Oct 3, 2025
নগা দুৰ্বৃত্তই শতাধিক বাসগৃহত অগ্নিসংযোগ কৰা কাৰ্যক টেঙাতলত উপস্থিত হৈ শুক্ৰবাৰে নিশা প্ৰায় ১০ বজাত গৰিহণা আটছা কেন্দ্ৰীয় নেতৃত্বৰ। অসম নাগালেণ্ড সীমান্তৱৰ্তী এলেকাৰ B চেক্টৰ টেঙাতল অঞ্চলত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জগদীশ বৰাইকৰ নেতৃত্বত ঘটনাস্থলীত উপস্থিত হৈ সামগ্ৰিক বুজ লোৱাৰ লগতে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৰে। ২০১৪ চনৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহওক তাৰ বাবে অসম চৰকাৰ,সৰুপথাৰ সম-জিলা প্ৰশাসনক কঠোৰ ভাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।