This browser does not support the video element.
নাজিৰা: বৰচিলা লক্ষীমপুৰ বস্তিত নিৰ্মাণাধীন পেভাৰ ব্ল'কৰ পথত দুৰ্ণীতিৰ অভিযোগ,ৰাইজ দল সংগঠনৰ প্ৰতিক্ৰিয়া
Nazira, Sivasagar | Sep 10, 2025
বৰচিলা লক্ষীমপুৰ বস্তিত নিৰ্মাণাধীন পেভাৰ ব্ল'কৰ পথত দুৰ্ণীতিৰ অভিযোগ ।বুধবাৰে ৰাইজ আৰু দল সংগঠনৰ প্ৰতিক্ৰিয়া ।SOPD-G ৰ অধিনত ঠিকাদাৰী পক্ষৰ বিৰুদ্ধে নিৰ্মাণ কাৰ্যত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰ অভিযোগ স্থানীয় ৰাইজ আৰু দল সংগঠনৰ। পলসযুক্ত বালি আৰু ব্লকবোৰ ধৰি ৰাখিবৰ বাবে নিৰ্মাণ কৰা বিম অতি পাতল আৰু আসোঁৱাহ যুক্ত।বিম নিৰ্মানত বালিৰ লগত অহা গুটি পাথৰ ব্যৱহাৰৰ অভিযোগ।তদন্ত বিচাৰি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে নাজিৰা সমজিলা আয়ুক্তক প্ৰদান কৰিছিল এখন স্মাৰক পত্ৰ।