চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ মাজমজিয়াৰ দৈনিক বজাৰ সোমোৱা পথত এগৰাকী অচিনাকী মহিলা অচেতন অৱস্থাত ধলি পৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা অনুসৰি মহিলা গৰাকীয়ে কোনো এজন লোকৰ সৈতে বজাৰৰে এখন দোকানৰ বাৰেণ্ডাত বহি আছিল। তেনে অৱস্থাতে মহিলা গৰাকীৰ লগত অহা লোকজনে সেই স্থানতে বহুৱাই আতৰি যোৱাৰ পাছতেই মহিলা গৰাকী অচেতন হৈ পথৰ দাঁতিত পৰি ৰয়। প্ৰায় ২ ঘন্টা যোৰা একে স্থানতে মহিলা গৰাকী পৰি ৰোৱাত স্থানীয় লোক আৰু পথেৰে যোৱা মানৱ দৰদি কেইজন মান ব্যক্তিয়ে মহিলা গৰাকীক কাষৰ দোকান