Download Now Banner

This browser does not support the video element.

গোলাঘাট: বিকাশ অসমক আটক কৰাক লৈ গোলাঘাটত গৰজি উঠিল বীৰ লাচিত সেনা, অসম গোলাঘাট জিলা সমিতি

Golaghat, Golaghat | Sep 30, 2025
বিকাশ অসমক আটক কৰাক লৈ গোলাঘাটত মঙ্গলবাৰে সন্ধ্যা প্ৰায় ৭ বজাত গৰজি উঠিল বীৰ লাচিত সেনা, অসম গোলাঘাট জিলা সমিতি। গোলাঘাট জিলা সমিতিৰ সম্পাদক অভিলাষ বৰাই মন্তব্য কৰি কয় যে, জুবিন গাৰ্গৰ ন্যায়ৰ সপক্ষে মাত মতা সকলৰ কিয় কণ্ঠ ৰোধ কৰিব বিচাৰিছে চৰকাৰে। যিসময়ত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অভিযুক্তসকলক আটক কৰি জেৰা চলাব লাগিছিল, সেইসময়ত কিন্তু ন্যায় বিচাৰি গণতান্ত্ৰিক আন্দোলন কৰা সকলৰ বিৰুদ্ধে নামি পৰিছে আৰক্ষী প্ৰশাসন। সমগ্ৰ বিষয়টো দুৰ্ভাগ্যজনক বুলি কয় অভিলাষ বৰাই।
Read More News
T & CPrivacy PolicyContact Us