ঢেকীয়াজুলিৰ নেতাজী ৰোডত থকা সংঘশ্ৰী ক্লাব কালি মন্দিৰত বৃহস্পতিবাৰে পুৱতি নিশা অনুমানিক ৩ বজাত সংঘটিত হয় চুৰিকাণ্ড ৷ চিচিটিভি কেমেৰাত আবদ্ধ হ’ল চুৰিকাণ্ডৰ সমগ্ৰ ঘটনা ৷ উল্লেখ্য যে চোৰৰ দলে সংঘশ্ৰী ক্লাব কালি মন্দিৰত প্ৰবেশ কৰি প্ৰায় ৭ হেজাৰ টকা নগদ ধনৰ লগতে কেইবালক্ষাধীক টকাৰ সোণৰ আঅলংকাৰ লৈ যায় ৷ উক্ত চুৰিকাণ্ডৰ ঘটনাটো আজি ৰাতিপুৱা পোহৰলৈ আহে ৷