This browser does not support the video element.
ডিফু: চাকৰি দিয়াৰ নামত কোটি কোটি টকা লুণ্ঠনৰ অভিযোগত মুন ইংতিপীৰ বিৰুদ্ধে কঠোৰ কাৰ্বি আংলং ৰং আচাৰ আমেই
Diphu, East Karbi Anglong | Aug 25, 2025
চাকৰি দিয়াৰ নামত নিবনুৱা যুৱক-যুৱতীৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ উত্থাপিত হোৱা কাৰ্বি আংলং জিলাৰ বিজেপি নেত্ৰী মুন ইংতিপীৰ বিৰুদ্ধে এইবাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে কাৰ্বি ৰং আচাৰ আমেই। সোমবাৰে দিনৰ প্ৰায় ১২ বজাত ডিফুত সংগঠনটোৰ সভাপতি আগষ্টিন ক্ৰামছা, উপ-সভাপতি ৰাম টেৰণ, সূৰ্য টেৰণ, সচিব হাৰছিং ৰংহাঙকে ধৰি নেতৃবৰ্গই এক সংবাদ মেল আয়োজন কৰি এই সন্দৰ্ভত সংগঠনটোৰ স্থিতি স্পষ্ট কৰে।