This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: খেলমাটিৰ পৰা ১২ বছৰীয়া কিশোৰ নিৰুদ্দেশৰ ঘটনা, সৃষ্টি হয় চাঞ্চল্যৰ
North Lakhimpur, Lakhimpur | Sep 7, 2025
উত্তৰ লখিমপুৰ নগৰৰ খেলমাটিৰ নিবাসী দৰিদ্ৰ মহৰউদ্দিনৰ ১২ বছৰীয়া পুত্ৰ হাচানুৰ আলি যোৱা ৪ ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে , ৫ তাৰিখে কিশোৰ গৰাকীৰ চাইকেল BFC কলনিত বাবুল নামৰ এজনৰ ঘৰৰ সমিপত উদ্ধাৰ হয় যদিও কিশোৰ জনৰ সন্ধান নোপোৱাত সৃষ্টি হয় চাঞ্চল্যৰ । ইতিমধ্যে কিশোৰ জন নিৰুদ্দেশ হোৱা সন্দৰ্ভত খেলমাটি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে পিতৃ মাতৃয়ে ।কোনো সদশয় ব্যক্তিয়ে যদি এই গৰাকী কিশোৰৰ সন্ধান লাভ কৰে তেন্তে 9394655286 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দেওবাৰে।