ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত ভঙামন্দিৰ গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা পৰ্যালোচনা সভা শুক্ৰবাৰে দিনৰ ২ বাজি ৩০ মিনিটত সামৰণি পৰে ৷ উল্লেখ্য যে চৰকাৰী আঁচনিত যাতে এজনো যোগ্য লোক বাদ নপৰে সেয়েহে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ নিৰ্দেশত ভঙামন্দিৰ গাওঁ পঞ্চায়তৰ সভাগৃহত আজি অনুষ্ঠিত হয় উক্ত পৰ্যালোচনা সভা ৷ আজিৰ পৰ্যালোচনা সভাত গুপ্তেশ্বৰ জিলা পৰিষদৰ সদস্য নিৰ্মল দাসৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে ৷