কলিকতাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মডেলিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম স্থান দখল কৰিলে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলিৰ জীয়ৰী ৰিচিতা ৰাভাই ৷ উক্ত অনুষ্ঠানত প্ৰথম স্থান দখল কৰি বৃহস্পতিবাৰে দিনৰ ১ বজাত ঢেকীয়াজুলিৰ নিজ ঘৰত উপস্থিত হ’ল ৰিচিতা ৰাভা ৷ উল্লেখ্য যে ২০২৫ চনৰ ২৬ জুলাই তাৰিখে কলিকতাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মডেলিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম স্থান দখলেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ঢেকীয়াজুলিৰ জীয়ৰী ৰিচিতা ৰাভাই ৷