This browser does not support the video element.
সোণাৰি: টিয়ক চাহ বাগিচাত ভয়ংকৰ পথ দুৰ্ঘটনা, তীব্ৰ বেগী অʼটয়ে মহতীয়ালে পথচাৰীক,পাঁচজন আহতক চিকিৎসালয়লৈ প্ৰেৰণ
Sonari, Charaideo | Aug 26, 2025
চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত নগৰখনৰ টিয়ক চাহ বাগিচাৰ হনুমান মন্দিৰৰ সন্মুখত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন তীব্ৰ বেগী অʼটয়ে মহতীয়াই নিলে এগৰাকী পথচাৰীক। ঘটনা অনুসৰি সোণাৰি দিশৰ পৰা ভজো অভিমুখে তীব্ৰ বেগেৰে গৈ থকা এখন অʼটয়ে বিপৰীত দিশৰ পৰা অহা এগৰাকী পথচাৰীক প্ৰচণ্ড খুন্দা মৰাৰ ফলত এই দূৰ্ঘটনা সংঘটিত হয়। ইফালে অʼট খনে পথচাৰীক খুন্দা মৰাৰ ফলত অʼটত থকা আন চাৰিজন যাত্ৰী সহ চলক ৰাজু চুৰীও গুৰুত্বৰ ভাৱে আহত হয়। আনহাতে এই খুন্দাৰ ফলত অʼটখন পথত বা