This browser does not support the video element.
মৰাণ: খোৱাঙৰ দুলীয়াবামত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰিল এখন বলেৰ' বাহন
Moran, Dibrugarh | Aug 31, 2025
খোৱাঙৰ দুলীয়াবামত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰিল এখন বলেৰ' বাহন। জানিব পৰা অনুসৰি পথৰ দুৰৱস্থাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন পথৰ কাষৰ নলাত বাগৰি পৰে। ঘটনাৰ সময়ত বাহনখনত আছিল তিনিজন ব্যক্তি। ঘটনাত তিনিওজন ব্যক্তিৰ কথমপি প্ৰাণ ৰক্ষা পৰিল যদিও নলাত বাগৰি পৰাৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হয় বাহনখন। ঘটনাৰ পাছতে খোৱাং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত বাহনখন নলাৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।