This browser does not support the video element.
কোকৰাঝাৰ ভাগ: বনৰগাঁও সমষ্টিৰ বাবে চন্দ্ৰ পাৰাত বিজেপি দলৰ নিৰ্বাচন পৰিচালনা কাৰ্য্যালয় মুকলি
Kokrajhar Part, Kokrajhar | Sep 7, 2025
দেওবাৰে আবেলি ৩ বজাত কোকৰাঝাৰ জিলাৰ বনৰগাঁও সমষ্টিৰ বাবে চন্দ্ৰ পাৰাত বিজেপি দলৰ নিৰ্বাচন পৰিচালনা কাৰ্য্যালয় মুকলি কৰে বিটিচি ৰ পাৰিষদ তথা বনৰগাঁও সমষ্টিৰ প্ৰাৰ্থী ৰাজীৱ ব্ৰহ্মই। এক মাংগলিক অনুষ্ঠান ৰ মাজত মুকলি কৰা হয়। অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হবলগীয়া এই নিৰ্বাচনৰ বাবে তৎপৰ হৈছে বিভিন্ন ৰাজনৈতিক দলৰ লগতে বিজেপি দলেও । আজি বৃহৎ সমৰ্থক লগত লৈ এই কাৰ্য্যালয় ক মুকলি কৰা হয় আৰু বনৰগাঁও সমষ্টিৰ পৰা বিজেপি দলৰ প্ৰাৰ্থী হৈ নিজকে জয় নিশ্চিত বুলি দাবী কৰে