This browser does not support the video element.
বোকাখাত: জুবিন গাৰ্গৰ কালজয়ী সৃষ্টিৰ মাজেৰে তেওঁ চিৰদিন সকলোৰে মাজত অমৰ হৈ থাকিব, নুমলীগড়ত NRL পৰিয়ালৰ শ্ৰদ্ধাঞ্জলি
Bokakhat, Golaghat | Sep 23, 2025
জুবিন গাৰ্গৰ কালজয়ী সৃষ্টিৰ মাজেৰে তেওঁ চিৰদিন সকলোৰে মাজত অমৰ হৈ থাকিব। মঙ্গলবাৰে দিনৰ প্ৰায় ৩ বজাত নুমলীগড়ত নুমলীগড় শোধনাগাৰ লিমিটেড পৰিয়ালৰ শ্ৰদ্ধাঞ্জলি।এক শোকবাৰ্তাৰ জৰিয়তে উল্লেখ কৰে যে, আমাৰ মাজৰ পৰা শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত নুমলীগড় তেল শোধনাগাৰ লিমিটেড গভীৰভাৱে শোকস্তব্ধ। তেখেতৰ আকস্মিক মৃত্যুত আমি মৰ্মাহত। জুবিন গাৰ্গ কেৱল এগৰাকী সংগীতশিল্পীয়েই নাছিল, আছিল অসমৰ কলা-সংস্কৃতিৰ প্ৰাণস্বৰূপ। তেওঁৰ সংগীত অসমীয়া জাতিৰ আত্মাৰ প্ৰতিধ্বনি আছিল।