This browser does not support the video element.
ডিফু: ডিফুত এএছডিচিৰ, কেএনচিএ আৰু কেএছএৰ স্বায়ত্তৰাজ্য বিৰোধী দমন দিৱস পালন
Diphu, East Karbi Anglong | Sep 3, 2025
১৯৮৬ চনত কাৰ্বি আংলং ডিমা হাছাও জিলাক সামৰি ষষ্ঠ অনুসূচীৰ ভাৰতৰ সংবিধান প্ৰদত্ত অনুশ্ছেদ ২৪৪(ক)ৰ সুবিধা অনুসৰি এখন স্বায়ত্তৰাজ্যৰ দাবীত গঠন হোৱা অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচি, কেএনচিএ আৰু কেএছএই বুধবাৰে পুৱা প্ৰায় ১১ বজাত ডিফুস্থিত এএছডিচি কাৰ্যালয় চৌহদত স্বায়ত্তৰাজ্য বিৰোধী দমন দিৱস হিছাপে পালন কৰে ৷ আজি এএছডিচি, কেএনচিএ আৰু কেএএছএৰ সমৰ্থক সকলে ক'লা বেজ পৰিধান কৰি হাতে হাতে বিভিন্ন প্লে'কাৰ্ড প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷